অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি ? | বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন 2022
1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্রীয় উদ্যান নর্গাঁও আৰু গােলাঘাট জিলাৰ ৪৩০ বর্গ কিলােমিটাৰ এলেকা আৱৰি থকা এখন বৃহৎ অৰণ্য। কাজিৰঙা ৰাষ্ট্রীয় উদ্যানেই হল অসমৰ প্রথমখন ৰাষ্ট্রীয় উদ্যান স্বীকৃতি লাভ কৰা অৰণ্য। ১৯০৫ চনত ইংলেণ্ডৰ লেডী মেৰী ভিক্টোৰীয়া কার্জনে কাজিৰঙা দর্শন কৰিবলৈ আহিছিল। সেই সময়ত তেওঁ কাজিৰঙাত এশিঙীয়া গঁড় দেখিবলৈ পােৱা নাছিল। গঁড়ৰ সলনি গঁড়ৰ ভৰিৰ খােজৰ চিনহে ভিক্টোৰীয়াই দেখিছিল। ইংলেগুলৈ উভতি যােৱাৰ পিছত ভিক্টোৰীয়াই এশিঙীয়া গড়ৰ বাসস্থান কাজিৰঙাক সংৰক্ষণ কৰাৰ বাবে লর্ড কার্জনক অনুৰােধ জনাইছিল। পত্নীৰ অনুৰােধ ৰক্ষা কৰি কার্জনে ১৯০৮ চনৰ ৩ জানুৱাৰীৰ দিনা কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘােষণা কৰে। পৰৱর্তী সময়ত ১৯১৬ চনত কাজিৰঙাক মৃগয়া বন হিচাপে ঘােষণা কৰা হয়। ১৯৫০ চনত কাজিৰঙাক বন্যপ্রাণী অভয়াৰণ্যৰ স্বীকৃতি প্রদান কৰা হয়। একেদৰে ১৯৫৪ চনত চৰকাৰে কাজিৰঙাৰ গঁড় ৰক্ষা কৰাৰ বাবে এখন বিধেয়ক গৃহীত কৰে। ১৯৬৮ চনত কাজিৰঙাক ৰাষ্ট্রীয় অভয়াৰণ্য হিচাপে ঘােষণা কৰা হয় আৰু ১৯৭৪ চনৰ ১১ ফেব্রুৱাৰীৰ দিনা কাজিৰঙাই ৰাষ্ট্রীয় উদ্যানৰ স্বীকৃতি লাভ কৰে। ইউনেস্ক'ৱে ১৯৮৫ চনত কাজিৰঙাক বিশ্ব ঐতিহ্য অঞ্চল হিচাপে ঘােষণা কৰে। কাজিৰঙাক ২০০৬ চনত ব্যাঘ্র সংৰক্ষণ এলেকা হিচাপে ঘােষণা কৰা হয়। কাজিৰঙা নামটোৰ উৎপত্তি সন্দর্ভত বহু প্রবাদ আছে।জনশ্রুতি অনুসৰি কার্বি যুৱক কাজিয়ে ৰঙানামৰ এগৰাকী যুৱতীক ভাল পাইছিল। কিন্তু পৰিয়ালে সেই সম্পর্ক মানি নােলােৱাত দুয়াে অৰণ্যৰ মাজত আত্মগােপন কৰিছিল। সেই সময়ৰ পৰাই সেই অৰণ্যৰনাম কাজিৰঙা হৈছিল। আন এক প্রবাদ অনুসৰি কার্বি ভাষাত কাজি মানে হৈছে ছাগলী। সেয়ে ৰঙা ছাগলী বাস কৰা অঞ্চলটোৰ নামেই কাজিৰঙা হৈছিল বুলি বহুতে ধাৰণা কৰে।
চাৰিসীমাঃ কাজিৰঙাৰ উত্তৰে ব্ৰহ্মপুত্র নদী, দক্ষিণে কার্বি পাহাৰ, পূবে গােলাঘাট জিলা আৰু বােকাখাত মহকুমা আৰু পশ্চিমে নগাঁও জিলাৰ জখলাবন্ধা অৱস্থিত। কাজিৰঙা ৰাষ্ট্রীয় উদ্যান চাৰিটা খণ্ডত বিভক্ত। সেয়া হল ক্রমে অগৰাতলী, কহৰা, বাগৰি আৰু বুঢ়া পাহাৰ।
জীৱ-জন্তুঃ কাজিৰঙাত এশিঙীয়া গড় পােৱাৰ উপৰি উদ্যানখনত পােৱা আন কেইবিধমান জস্তু হৈছে ক্রমে হলৌবান্দৰ, সােণালীবান্দৰ, বনৰীয়া মহ, খুটিয়া পহ, জহামাল, শৰ পহু, হৰিণা, নেউল, গােধাফুটু কী, নাহৰফুটুকী, লতা মাকৰী, বনৰৌ, হাতী আদি। ১৯০৮ চনত কাজিৰঙাত গঁড় আছিল মাত্র বাৰটা। ২০১২ চনৰ পিয়ল অনুসৰি উদ্যানখনত গঁড়ৰ সংখ্যা হল ২,২৯০ টা। কাজিৰঙাত বিভিন্ন প্রকাৰৰ পক্ষী যেনে পেলিকান, ধনেশ, বালিমাহী, দহিতৰা, শৰালি, বন কুকুৰা, ঘিলা হাঁহ, গােধা চিলনি, দিনকণা, মাছৰােকা, হেঁটুলুকা আদি চৰাই পােৱা যায়। উদ্যানখনত প্রচুৰ পৰিমাণে মাছাে পােৱা যায়।
2. ওৰাং ৰাষ্ট্রীয় উদ্যান
(ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান) ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং জিলাত অৱস্থিত। জিলাখনৰ প্রায় ৭৮.৮১ বর্গ কিলােমিটাৰ অঞ্চল আগুৰি থকা এই অৰণ্যখনক ১৯১৫ চনৰ ১৩ মে ত ব্রিটিছে মৃগয়া বন হিচাপে ঘােষণা কৰিছিল। ১৯৮৫ চনৰ ২০ ছেপ্টেম্বৰৰ দিনা এই অৰণ্যক বন্যপ্রাণী অভয়াৰণ্য হিচাপে ঘােষণা কৰা হয়। ১৯৯২ চনত উদ্যানখনৰ নাম ৰাজীৱ গান্ধী অভয়াৰণ্য ৰখা হয়। ১৯৯৯ চনৰ ৮ এপ্রিলৰ দিনা ওৰাং অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়া হয়। পৰৱর্তী সময়ত এই অভয়াৰণ্যখনৰ নাম ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণ কৰা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান গুৱাহাটীৰ পৰা ১২০ কিলােমিটাৰ নিলগত অৱস্থিত। মঙলদৈ চহৰৰ পৰা এই ৰাষ্ট্রীয় উদ্যানৰ দূৰত্ব ৭০ কিলােমিটাৰ।
জীৱ-জন্তুঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্রচুৰ পৰিমাণে এশিঙীয়া গঁড় পােৱা যায়। গঁড়ৰ উপৰি উদ্যানখনত জহামাল, বাঘ, বন মেকুৰী, খুটিয়া পহু, মলুবা বান্দৰ, হৰিণ, লতামাকৰি বাঘ, কেটেলা পহু আদি পোৱা যায়। উদ্যানখনৰ জলাশয়ত সাতটা প্রকাৰৰ কাছকে ধৰি ত্রিশটা প্রজাতিৰ সৰীসৃপ বাস কৰে। বিভিন্ন ধৰণৰ চৰাই পানীকাউৰী, দৈকলা, বৰটোকোলা, তেলীয়া সাৰেং, শামুক ভঙা, বৰ শৰালি, কুঝবা, কাম চৰাই, বালিঘোৰা, ৰাম পাৰ আদিও উদ্যানখনত পােৱা যায়। উদ্যানখনৰ শিল-বালি আৰুসাত শিমলুত পর্যটকৰ বাবে জিৰণি ঘৰ আছে।
3. ডিব্রু-চৈখােৱা ৰাষ্ট্রীয় উদ্যান
ভাৰতৰ ভিতৰতে বন ঘৰচীয়া ঘোঁৰাৰ অন্যতম বাসভূমি ডিব্রু-চৈখােৱা ৰাষ্ট্রীয় উদ্যান ডিব্রুগড় আৰু তিনিচুকীয়া জিলাৰ বৃহৎ অঞ্চলজুৰি অৱস্থিত। দুয়ােখন জিলাৰ প্রায় ৩৪০ বর্গ কিলােমিটাৰ আগুৰি থকা ডিব্রু-চৈখােৱা ৰাষ্ট্রীয় উদ্যান অসমৰ চতুর্থখন ৰাষ্ট্রীয় উদ্যান। ১৯৮৬ চনত ডিব্রু আৰু চৈখােৱা সংৰক্ষিত বনাঞ্চলক লগ লগাই ডিব্রু-চৈখােৱা অভয়াৰণ্যৰ স্বীকৃতি দিয়া হৈছিল। ১৯৯৯ চনৰ মার্চ মাহত অভয়াৰণ্যখনক ৰাষ্ট্রীয় উদ্যানৰ স্বীকৃতি দিয়া হয়। ইয়াৰ পূর্বেও ১৮৯০ চনত ব্রিটিছে ডিব্রুৰ ৬০,৬৩৪ একৰ ভূমি সামৰি ডিক্রু সংবক্ষিত অঞ্চল ঘােষণা কৰিছিল। ১৯২০ চনত এই অঞ্চলক অতিৰিক্ত ৬০০ একৰ আৰু ১৯৩৩ চনত ৪৯৮ একৰ ভূমি সংযােগ কৰা হৈছিল। ১৯২৯ চনত ব্ৰিটিছে ডিব্ৰু চৈখােৱাৰ ১৭,০৬৩ একৰ ভূমিক সামৰি ডিব্ৰু-চৈখােৱা বনাঞ্চল হিচাপে ঘােষণা কৰিছিল। ১৯৮৬ চনত ৬৪০ বর্গ কিলােমিটাৰ এলেকা সামৰি ডিব্ৰুচৈখােৱাক অভয়াৰণ্যৰ স্বীকৃতি দিয়া হয়। ১৯৯৫ চনত এই অঞ্চলক ডিব্ৰুচৈখােৱা সংৰক্ষিত জৈৱ মণ্ডল হিচাপে ঘোষণা কৰা হয়। ইউনেস্ক’ৱে স্বীকৃতি দিয়া উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন সংৰক্ষিত জৈৱমণ্ডল ব্ৰুি-চৈখােৱা হ'ল ভাৰতৰ অষ্টমখন সংৰক্ষিত জৈৱ মণ্ডল।
জীৱ-জন্তুঃ ডিব্ৰু-চৈখােৱা ৰাষ্ট্ৰীয় উদ্যানত বন ঘৰচীয়া ঘোঁৰা পােৱাৰ উপৰি ধেকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, গোধা ফুটুকী বাঘ, লতামাকৰি বাঘ, ৰাং কুকুৰ, বন মেকুৰী, উৰণীয়া কেৰ্কেটুৱা, ভালুক আদি পােৱা যায়। অভয়াৰণ্যখনত বিভিন্ন প্রজাতিৰ সৰীসৃপ আৰু চৰায়ে আছে। এই অভয়াৰণ্যখনত নৱেম্বৰ মাহৰ পৰা মার্চ মাহলৈ ভ্ৰমণৰ উপযুক্ত সময়।
4. নামেৰী ৰাষ্ট্ৰীয় উদ্যান
শােণিতপুৰ জিলাৰ বালিপৰাৰ সমীপত অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰৰ দিনা নামেৰীক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়।১৯৯৮ চনৰ ১৫ নৱেম্বৰত নামেৰীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰে। নামেৰীয়ে ব্যাঘ্র প্রকল্পৰ স্বীকৃতি লাভ কৰে ২০০০ চনৰ ১ মাৰ্চৰ দিনা। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হ’ল ২১২ বর্গ কিলােমিটাৰ।
জীৱ-জন্তুঃ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পােৱা বিভিন্ন জীৱ-জন্তুসমূহহ’ল ক্রমে হাতী, নাহৰফুটুকী বাঘ, লতামাকৰি, গােধাফুটুকী,শৰপহু, দল হৰিণ, ফুটুকী হৰিণ, খাগৰি কটাশহা,বনৰৌ, উদ,মাটি, ভালুক হিমালয়ৰ কলা ভালুক, মলুৱা বান্দৰ, বনৰীয়া গাহৰি, খুটীয়া পহু, মেঠোন, জহামাল আদি। নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ৩১০ বিধ প্রজাতিৰ পক্ষীৰ বিচৰণ ভূমি। সেইবােৰৰ ভিতৰত কেইবিধমান হ’ল চিলনী, বালিঘোঁৰা, শগুন, হাইঠা, সখিয়তী, দিনকণা, মইনা, হেঁটুলুকা, বাঢ়ৈটোকা, ফেঁচা, ভাটৌ, কেতেকী, মাছৰােকা, কুকুহা, পানীকাউৰী আদি। উদ্যানখন ভ্ৰমণৰ উপযুক্ত সময় অক্টোবৰ মাহৰ পৰা এপ্রিল মাহ।
5. মানাহ ৰাষ্ট্ৰীয় উদ্যান
অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান ভাৰত-ভুটান সীমান্তৰ বৰপেটা, বঙাইগাঁও জিলাৰ লগতে বাক্সা তথা চিৰাং জিলাৰ বিস্তৃত অঞ্চল সামৰি আছে। ৯৫০ বর্গ। কিলােমিটাৰ মাটিকালিৰ এই ৰাষ্ট্ৰীয় উদ্যানখনক ১৯০৫ চনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘােষণা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যদিও ১৯০৮ চনতহে সেই প্রস্তাৱ কাৰ্যকৰী কৰা হয়। ১৯২৮ চনত মানাহসংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘােষণা কৰা হয়। এই অভয়াৰণ্যত ১৯৭৩ চনত বিলুপ্তিৰ গৰাহত পৰা সেঁকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ উদ্দেশ্যে ব্যাঘ্র প্রকল্প হিচাপে ঘােষণা কৰা হয়। ১৯৯০ চনত মানাহ অভয়াৰণ্যক কেন্দ্রীয় চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘােষণা কৰে। ১৯২৮ চনত অভয়াৰ ঘােষণা কৰাৰ সময়ত মানাহৰ মাটিকালি আছিল ৩৬০ বর্গ কিলােমিটাৰ।১৯৫১ চনৰ পৰা ১৯৫৫ চনৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি ৩৯১ বর্গ কিলােমিটাৰলৈ বৃদ্ধি কৰা হয়। ২০০৮ চনৰ ২৫ ফেব্ৰুৱাৰীৰ দিনা মানাহৰ মাটিকালি ৯৫০ বর্গ কিলােমিটাৰলৈ বৃদ্ধি কৰা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানক ১৯৮৫ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘােষণা কৰা হয়। চোৰাং চিকাৰীৰ অবাধ গতি-বিধিৰ বাবে ১৯৯২ চনত ইউনেস্ক’ৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিপদাপন্ন বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে ঘােষণা কৰে। অৱশ্যে ২০১১ চনৰ ২১ জুনৰ দিনা ইউনেস্ক’ৱে মানুহৰ নামটো বিপদাপন্ন বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাৰ পৰা আঁতৰাই দিয়ে। মানাহ অভয়াৰণ্যৰ মাজেৰে মানস, আই, পাগলাদিয়া, বেঁকী আদি নৈ বৈ গৈছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানক ১৯৮৯ চনত ভাৰতে জীৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে ঘােষণা কৰে।
জীৱ-জন্তুঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৪২ বিধ সৰীসৃপ, ৬০ বিধ স্তন্যপায়ী প্রাণী, ৭বিধ উভচৰ প্রাণী পােৱা যায়। ১৯৮০ চনৰ পিয়ল অনুসৰি মানাহত বাঘ আছিল ১২৩ টা। ১৯৯৫ চনত অৱশ্যে এই সংখ্যা হ্রাস পাই ৮০টা হয়গৈ। এইৰাষ্ট্ৰীয় উদ্যানখনত দুপ্রাপ্য সােণালী বান্দৰ প্ৰচুৰ মাত্ৰাত দেখিবলৈ পােৱা যায়। উদ্যানখনত ৫০ বিধতকৈও অধিক প্ৰজাতিৰ মাছ পােৱা যায়। এই উদ্যানখনত পােৱা জীৱ-জন্তুসমূহ হ'ল চেঁকীয়াপতীয়া বাঘ, হলৌ বান্দৰ, সােণালী বান্দৰ,বনৰীয়া ম'হ, খুটিয়া পহু, জহামাল, শৰ পহু, হৰিণা, নেউল, গােধাফুটুকী, নাহৰফুটুকী , লতামাকৰি, বনৰৌ, হাতী আদি। ইয়াৰ উপৰি বিভিন্ন প্ৰকাৰৰ পক্ষী যেনে— পেলিকান, ধনেশ, বালিমাহী, দহিত, শৰালি, বন কুকুৰা, ঘিলা হাঁহ, গােধা চিলনী, দিনকণা, মাছৰােকা, হেঁটুলুকা আদি চৰাই পােৱা যায়। এই অভয়াৰণ্য ভ্ৰমণৰ উপযুক্ত সময় নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহ।
6. দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান
ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আপাৰদিহিং, জয়পুৰ তথা দিৰক বর্ষাৰণ্যক সামৰি ২০০৪ চনৰ ২৩ জুনৰ দিনা দিহিংপাটকাই বর্ষাৰণ্য ঘােষণা কৰে। অসম চৰকাৰে ২০২০ চনৰ ২৩ ডিচেম্বৰ তাৰিখে জয়পুৰ বৰ্ষাৰণ্যক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘােষণা কৰে। এইবৰ্ষাৰণ্যৰ মাটিকালি ১১.১৯ বর্গ কিলােমিটাৰ। প্রকৃতি সংগঠন নেচাৰ্ছ বেকনে ৫০০ বর্গ কিলােমিটাৰ অঞ্চল সামৰি দিহিং পাটকাই বৰ্ষাৰণ্য বিস্তৃত কৰাৰ দাবী জনাই আহিছে।
জীৱজন্তুঃ দিহিং-পাটকাই বৰ্ষাৰণ্যত ৪২ টা প্ৰজাতিৰ স্তন্যপায়ী জন্তু, ২৯৩ টা প্রজাতিৰ চৰাই, ৪০ টা প্রজাতিৰ সৰীসৃপ, ৩০টা প্ৰজাতিৰ পখিলা পােৱা যায়। বৰ্ষাৰণ্যখনত পােৱা অন্যান্য জীৱজন্তুবােৰ হ'ল হলৌবান্দৰ, হনুমান বান্দৰ, হাতী,বাঘ,বনগৰু, হিমালয়ৰ কেৰ্কেটুৱা, নাহৰফুটুকী, কেঁকোৰাখােৱা, নেউল, ভালুক, সুগৰী পহু, শহাপহু, জহামাল, মেচেকা, উদ, হেঁপা, বনমেকুৰী আদি। বৰ্ষাৰণ্যখনত বিভিন্ন প্রজাতিৰ চৰাই যেনে - দেও ৰাজহাঁহ, হুদু, দেও উঁকি, বাঢ়ৈটোকা, ফেঁচা, শেন, ঈগল বিভিন্ন প্ৰজাতিৰ হাইঠা,বুলবুলি, কপৌ,মইনা, সখিয়তী, কাণকুৰিকা, হেঁটুলুকা, ডাউক, মৌপিয়া, ৰূপহী, বগলী, মাছৰােকা আদিৰ বসতিস্থল। বৰ্ষাৰণ্যখন ভ্ৰমণৰ বাবে নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ উত্তম সময়।
7. ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
২০২১ চনৰ ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘােষণা কৰে। তাৰ পৰিপ্ৰেক্ষিততে ৯ জুন তাৰিখে ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঠন কৰা হয়। কোকৰাঝাৰ জিলাৰ গােসাইগাঁও উপসংমণ্ডলত অৱস্থিত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি ৪২২ বর্গ কিলােমিটাৰ। নানা ধৰণৰ বনৰীয়া জীৱজন্তু , চৰাই-চিৰিকটিৰ লগতে সােণালী বান্দৰ এই উদ্যানখনৰ উল্লেখযােগ্য সম্পদ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰ বৰ্তমান মুঠ মাটিকালি ১০৯০.০৫ বৰ্গ কিঃমিঃ হৈছে নেকি বাৰু???
ReplyDelete