Preparation Assam
Preparation Assam Subscribe Our Youtube Channel
Subscribe
Type Here to Get Search Results !

Assamese gk 2022 - অসমীয়া সাধাৰণ জ্ঞান ২০২২

 Assamese gk 2022 - অসমীয়া সাধাৰণ জ্ঞান ২০২২ 

Assamese gk 2022

অসমীয়া সাধাৰণ জ্ঞান ২০২২

(১) প্রথম অসমীয়া স্নাতক কোন?

উত্তৰঃ আনন্দৰাম বৰুৱা (১৮৬৯)। 

(২) প্রথম অসমীয়া আই চি এছ কোন?

উত্তৰঃ আনন্দৰাম বৰুৱা (১৮৭০-৭১)। 

(৩) প্রথম অসমীয়া ৰাজ্যপাল কোন?

উত্তৰঃ বিষ্ণুৰাম মেধি (মাদ্রাজ, ৮ জানুৱাৰী, ১৯৫৭-৪ এপ্রিল, ১৯৬৪)।

(৪) প্রথম অসমীয়া ৰাষ্ট্রপতি কোন?

উত্তৰঃ ফখৰুদ্দিন আলি আহমেদ (১৯৭৪-. ১৯৭৭)।

(৫) প্রথম অসমীয়া পি. এইচ. ডি, লাভ কৰোঁতা কোন? 

উত্তৰ : ময়িদুল ইছলাম বৰা (১৯৩০, লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা)।

(৬) প্রথম অসমীয়া চলচ্চিত্র নির্মাতা কোন?

উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

(৭) প্রথম বিলাতত চিকিৎসা শিক্ষা গ্রহণ কৰোঁতা কোন?

উত্তৰঃ ডাঃ আওৰংগ শ্বাহ (১৮৮৮)।

(৮) অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ বিচাৰপতি কোন? 

উত্তৰঃহলীৰাম ডেকা (১৯৫০)।

(৯) অসমৰ প্ৰথম উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি কোন?

উত্তৰঃ পার্বতী কুমাৰ গােস্বামী (১৯৭৩-১৯৭৭)।

(১০) অসমৰ প্রথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?

উত্তৰঃ দেৱকান্ত বৰুৱা (১৯৭৫-১৯৭৭)। 

(১১) অসমৰ প্রথম বেৰিষ্টাৰ কোন?

উত্তৰঃ আনন্দৰাম বৰুৱা (১৮৭১)। 

(১২) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচার্য কোন?

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮-১৯৫৭)। 

(১৩) প্রথম অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ উপাচার্য কোন?

উত্তৰঃ শৰৎ কুমাৰ দত্ত (কুৰুক্ষেত্র বিশ্ববিদ্যালয়, দিল্লী)।

(১৪) অসমৰ প্রথম আইনৰ বিষয়ত ডক্টৰেট কোন? 

উত্তৰঃ ড° জগদীশ মেধি (১৯৩০)।

(১৫) অসমৰ প্রথম মহিলা এম বি বি এছ ডিগ্রী লাভ কৰােতা কোন?

উত্তৰঃ ডাঃ ৰজনীপ্রভা দাস(১৯৩০)।

(১৬) অসমৰ কোনজন সম্পাদকে এখন আলােচনীত সর্বাধিক দিন সম্পাদক হৈ আছিল?

উত্তৰঃ শশী ফুকন ( বিস্ময় ১৯৬৯ চনৰ পৰা এতিয়ালৈ)

(১৭) দাদা চাহেব ফাল্কে বঁটা লাভ কৰােতা প্রথম অসমীয়া কোন?

উত্তৰঃ ড° ভূপেন হাজৰিকা (১৯৯২) 

(১৮) অসমৰ প্রথম মহিলা স্নাতক কোন?

উত্তৰঃ সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা (১৯১৮)

(১৯) চিকিৎসা শাস্ত্র পঢ়িবৰ বাবে বিলাতলৈ যােৱা অসমৰ প্রথম মহিলা কোন?

উত্তৰঃ ডাঃ নির্মল প্রভা চলিহা, এম বি চি ডব্লিউ। 

(২০) পদ্মশ্রী পােৱা প্ৰথম অসমীয়া মহিলা কোন?

উত্তৰঃ নলিনীবালা দেৱী (১৯৫৭) 

(২১) সৰ্বভাৰতীয় আয়র্বিজ্ঞান প্রতিষ্ঠানৰ প্ৰথম অসমীয়া সঞ্চালক কোন?

উত্তৰঃ ডাঃ ৰমেশ চন্দ্ৰ ডেকা (২০০৯)

(২২) প্রথম এন্টার্কটিকাত পদার্পণ কৰা অসমীয়া বিজ্ঞানী গৰাকী কোন?

উত্তৰঃ ৰাঘৱ চন্দ্ৰ ডেকা (২১ ডিচেম্বৰ, ১৯৮৭) 

(২৩) প্রথম ভাৰতীয় বায়ুসেনাৰ অসমীয়া এয়াৰ ভাইচ মাছেল গৰাকী কোন?

উত্তৰঃ প্ৰণৱ কুমাৰ বৰবৰা (২০০৯)

(২৪) প্ৰথম অসমীয়া মহিলা কেন্দ্রীয় মন্ত্রী গৰাকী কোন?

 উত্তৰঃ ৰেণুকাদেৱী বৰকটকী (১৯৭৭) 

(২৫) প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ মহিলা বিচাৰপতি গৰাকী কোন?

উত্তৰঃ মীৰা শৰ্মা (১৯৮৯) 

(২৬) প্রথম অসমীয়া মহিলা এ চি এছ কোন? 

উত্তৰঃশুচি ব্ৰতাৰায়চৌধুৰী (১৯৫৪)  

(২৭) প্ৰথম অসমীয়া মহিলা আই এ এছ কোন? 

উত্তৰঃ পাৰুল দাস(১৯৭৫) 

(২৮) প্রথম অসমীয়া মহিলা মুখ্যমন্ত্রী কোন? 

উত্তৰঃ ছৈয়দা আনােৱাৰাটাইমূৰ(১৯৮০-৮১)

(২৯) প্রথম অসমীয়া মহাবিদ্যালয়ৰ মহিলা অধ্যক্ষ  কোন?

উত্তৰঃৰাজবালা দাস (১৯৩৯)

(৩০) পি এইচ ডি লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন?

উত্তৰঃ ড° কমলাৰায়, তিলােত্তমা গগৈ

(৩১) প্রথম অসমীয়া মহিলা মহকুমাধিপতি কোন? 

উত্তৰঃ শুচিত্ৰতা ৰায়চৌধুৰী (১৯৫৪)

(৩২) বিধানসভাৰ প্ৰথম অসমীয়া মহিলা উপাধ্যক্ষ কোন?

উত্তৰঃ বনেলি খংমেন (১৯৪৬)

(৩৩) নেছনেল বুক ট্রাষ্টৰ প্ৰথম পুৰুষ সঞ্চালক কোন? 

উত্তৰঃ নির্মলকান্তি চক্রবর্তী (১৯৯৮)

(৩৪) নেচনেল বুকট্রাষ্টৰ প্রথম মহিলা সঞ্চালক কোন?

উত্তৰঃ ৰীতা চৌধুৰী (২০১৫)

(৩৫) ভাৰতৰ মুখ্য নির্বাচন আয়ুক্ত প্রথম অসমীয়া কোন?

উত্তৰঃ ৰবিশংকৰব্ৰহ্ম (২০১৫)

(৩৬) আন্তর্জাতিক উৎসৱত ভাৰতক প্রতিনিধিত্ব কৰা প্ৰথম অসমীয়া শিল্পী গৰাকী কোন?

উত্তৰঃ ড° ভূপেন হাজৰিকা

(৩৭) বিলাতত ইঞ্জিনীয়াৰিং পাছ কৰা প্ৰথম অসমীয়া কোন?

উত্তৰঃ বলি নাৰায়ণ বৰা (১৮৭৭)

(৩৮) ভাৰতৰ ফুটবল এছচিয়েচনৰ প্ৰথম গৰাকী অসমীয়া কোন?

উত্তৰঃ নৰুল আমিন (১৯৭৫-১৯৮০)

(৩৯) এছিয়ান গেমছত স্বর্ণপদক বিজয়ী প্রথম অসমীয়া কোন?

উত্তৰঃ ভােগেশ্বৰ বৰুৱা (১৯৬৬)

(৪০) এভাৰেষ্টত আৰহণ কৰোঁতা প্রথম অসমীয়া কোন ?

উত্তৰঃ তৰুণ শইকীয়া (১৮ মে, ২০১৩)

(৪১) ভাৰতৰ কেন্দ্রীয় মন্ত্রীসভাত পূর্ণ পর্যায়ৰ মন্ত্রিত্ব লাভ কৰা প্ৰথম অসমীয়া কোন?

উত্তৰঃ ফখৰুদ্দিন আলি আহমেদ (১৯৬৬)

(৪২) ভাৰতৰ কেন্দ্রীয় মন্ত্রীসভাৰ প্ৰথমগৰাকী উপমন্ত্রী 'কোন আছিল?

উত্তৰঃ সুৰেন্দ্ৰ নাথ বুঢ়াগােহাঁই (১৯৫০-৫৭) 

(৪৩) প্রথম অসমীয়া সাহিতিক পেঞ্চনাৰ কোন?

উত্তৰঃ পদ্মনাথ গােহাঞি বৰুৱা(১৯০৬) 

(৪৪) প্রথম গৰাকী অসমীয়া মহিলা সাহিত্যিক পেঞ্চনাৰ কোন?

উত্তৰঃনলিনীবালা দেৱী (১৯৫৪)

(৪৫) ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰথম অসমীয়া সঞ্চালক প্রধানজন কোন?

উত্তৰঃ ৰবীন দেৱ চৌধুৰী (১৯৯৮)

(৪৬) ভাৰতৰ ৰাষ্ট্রদূত হিচাপে আন দেশত কার্যনির্বাহ কৰোঁতা প্রথম অসমীয়া কোন?

উত্তৰঃ উপেন্দ্রনাথ বড়াে (১৯৯৭, এংগােলা)

(৪৭) অর্ডাৰ অব দি ব্রিটিছ এম্পায়াৰ সংক্ষেপে অবিই সন্মান লাভ কৰােতা প্রথম অসমীয়া কোন? 

উত্তৰঃ পৰাগ চন্দ্র দাস (১৯৯৯)

(৪৮) মেম্বাৰ অব দি ব্রিটিছ এম্পায়াৰ সংক্ষেপে এম বি ই সন্মান লাভ কৰােতা প্রথম অসমীয়া কোন?

উত্তৰঃ ড° কুমাৰেন্দ্র দাস (২০১৪)

(৪৯) ভাৰতীয় সংবিধান ৰচনা উপ-সমিতিৰ প্রথম অসমীয়া সদস্য কোন?

উত্তৰঃ ছৈয়দ মহম্মদ ছাদুল্লা

(৫০) ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালক কোন? 

উত্তৰঃ গণেশ ফুকন।

(৫১) ভাষা আন্দোলনৰ প্ৰথম অসমীয়া ছহিদ কোন?

উত্তৰঃ ৰঞ্জিত বৰপূজাৰী (৪ জুলাই, ১৯৬০ চনত)

(৫২) লণ্ডন বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া ডি লিট কোন?

উত্তৰঃ সূর্য কুমাৰ ভূঞা (৪ আগষ্ট, ১৯৫১)

(৫৩) স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্রী কোন?

উত্তৰঃ গােপীনাথ বৰদলৈ

(৫৪) সংগীত নাটক একাডেমীৰ প্ৰথম অসমীয়া অধ্যক্ষ কোন?

উত্তৰঃ ড° ভূপেন হাজৰিকা (১৯৯৮-২০০৪)

(৫৫) প্রথম অসমীয়া অৰ্জুন বঁটা বিজয়ীজন কোন?

উত্তৰঃ ভােগেশ্বৰ বৰুৱা (১৯৬৬)

(৫৭) বিমান উৰণৰ প্রাইভেট পাইলট লাইচেন্স লাভ কৰা প্রথম অসমীয়া মহিলা কোন?

উত্তৰঃ ধীৰা (চলিহা) হাজৰিকা (১৯৬১)

(৫৮) ডাক টিকটত স্থান লাভ কৰােতা প্রথম অসমীয়া কোন?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা (৫ অক্টোবৰ, ১৯৬৮)

(৫৯) গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰথম প্ৰচাৰিত নাট কোনখন?

উত্তৰঃ ধৰালৈ যিদিনা নামিব সৰগ’ (৬ জুলাই, ১৯৪৮,ৰচনাঃ সত্যপ্ৰসাদ বৰুৱা)

(৬০) অসম ৰত্ন’ লাভ কৰােতা প্রথম অসমীয়া কোন? 

উত্তৰঃ ড° ভূপেন হাজৰিকা (২০০৮)

(৬১) অসম ৰত্ন’ লাভ কৰােতা প্রথম অসমীয়া মহিলা কোন?

উত্তৰঃ ড° মামণি ৰয়ছম গােস্বামী (২০১১)

(৬২) ঘূৰণীয়া মেজমেল’ (লণ্ডন,১৯৩০)ৰ প্রথম অসমীয়া প্রতিনিধি কোন?

উত্তৰঃ চন্দ্ৰধৰ বৰুৱা

(৬৩) ৰাষ্ট্ৰসংঘৰ বিজ্ঞান বিভাগৰ প্ৰথম অসমীয়া সচিব গৰাকী কোন?

উত্তৰঃ ড°কুমুদ বৰা (১৯৬০)

(৬৪) ভাৰতৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন?

উত্তৰঃ ৰঞ্জন গগৈ (২০১৮)

(৬৫) বিশ্ব চেম্পিয়নশ্বিপৰ দৌৰ প্রতিযােগিতাত সােণৰ পদক লাভ কৰা প্ৰথম অসমীয়া কোন?

উত্তৰঃ হিমা দাস (২০১৮, অনুর্ধ ২০ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰ, ফিনলেণ্ড) 

(৬৬) অসম আন্দোলনৰ প্রথম ছহিদ কোন? 

উত্তৰঃ খৰ্গেশ্বৰ তালুকদাৰ।

(৬৭) উজনি অসমৰ প্ৰথম গ্রেজুৱেট কোন?

উত্তৰঃ জগন্নাথ বৰুৱা

(৬৮) আইন বিষয়ত প্রথম ডক্টৰেট ডিগ্রী লাভ কৰা অসমীয়া কোন?

উত্তৰঃ ড° জগদীশ চন্দ্র মেধি।

(৬৯) কুমেৰু মহাদেশত ভৰি দিয়া প্রথম গৰাকী অসমীয়া বিজ্ঞানী কোন?

উত্তৰঃ ৰাঘৱ চন্দ্ৰ ডেকা

(৭০) গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম ডক্টৰেট ডিগ্রী লাভ কৰা অসমীয়া কোন?

উত্তৰঃ সত্যেন্দ্র নাথ শর্মা।

(৭১) সামৰিক বাহিনীৰবীচক্র লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন?

উত্তৰঃ উৎপল বৰুৱা

(৭২) পদ্মভূষণ উপাধি পােৱা প্ৰথম গৰাকী অসমীয়া কোন?

উত্তৰ : প্রাক্তন মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহা।

(৭৩) সংগীত নাটক একাডেমী বঁটা পােৱা প্রথম অসমীয়া কোন?

উত্তৰঃ মিত্ৰদেৱ মহন্ত

(৭৪) ৰাষ্ট্ৰপতিৰ পৰা মেন অব দ্য নেচন সন্মান আৰু কলা শিৰােমণি বঁটা পােৱা প্ৰথম অসমীয়াজন কোন?

উত্তৰঃ প্রাক্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া।

(৭৫) বিদেশত ব্যৱসায় কৰা প্ৰথম অসমীয়া কোন? 

উত্তৰঃ সাউদ ভােলানাথ বৰুৱা।

(৭৬) পানী জাহাজ ক্ৰয় কৰা প্ৰথম গৰাকী অসমীয়া কোন?

উত্তৰঃ মাণিক চন্দ্ৰ বৰুৱা

(৭৭) গুৱাহাটী দূৰদৰ্শনত প্রথম বাতৰি পঢ়োতা অসমীয়া গৰাকী কোন?

উত্তৰঃ প্ৰতাপ বৰদলৈ

(৭৮) অসমীয়া টাইপৰাইটাৰৰ আৱিষ্কাৰক ব্যক্তিগৰাকী কোন?

উত্তৰঃ হৰিপ্ৰসাদ বৰুৱা

(৭৯) গুৱাহাটী ৰিফাইনেৰীৰ জেনেৰেল মেনেজাৰ পদ কোনগৰাকী অসমীয়া ব্যক্তিয়ে প্রথম লাভ কৰিছিল?

উত্তৰঃ জয়ন্ত ভূঞা।

(৮০) প্রথম অসমীয়া চৰকাৰী হাইস্কুলৰ হেড মাষ্টৰ গৰাকীৰ নাম কি?

উত্তৰঃ কেশৱনাথ ফুকন 

(৮১) ছােভিয়েট দেশ নেহৰুবঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন?

উত্তৰঃ সুৰেন্দ্র মােহন দাস 

(৮২) সৰ্বভাৰতীয় গােৱেঙ্কা বঁটা লাভ কৰা প্রথম অসমীয়া গৰাকী কোন?

উত্তৰঃ কীর্তিনাথ হাজৰিকা 

(৮৩) এভাৰেষ্ট বিজয়ী প্রথমগৰাকী অসমীয়া কোন?

উত্তৰঃ তৰুণ শইকীয়া 

(৮৪) সম্পূর্ণ মুম্বাইৰ হিন্দী কথাছবিৰ গায়ক-গায়িকাৰ কণ্ঠদানেৰে নির্মিত অসমীয়া কথাছবিখনৰ নাম কি ?

উত্তৰঃ হৃদয়ৰ আঁৰে আঁৰে।




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.