Preparation Assam
Preparation Assam Subscribe Our Youtube Channel
Subscribe
Type Here to Get Search Results !

অসমৰ বিষয়ে ৰচনা | about assam Essay in assamese language

 অসমৰ বিষয়ে ৰচনা | about assam Essay in assamese language 

about Assam in Assamese language
About Assam

অসম

Table of content(toc)

ভা(caps)ৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম ৰাজ্য হিচাপে অসম সকলােৰে মাজত পৰিচিত। অৰুণাচল প্রদেশৰ পাছতে সাতভনীৰ ভিতৰত অসমক দ্বিতীয় বৃহৎ ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছে। হিমালয়ৰ পাদদেশত অৱস্থিত অসম বিস্তৃত পাহাৰ আৰু নৈ-উপনৈসমূহৰ বাবে সমানে জনপ্রিয়। ৭৮,৪৩৮ বর্গ কিলােমিটাৰ এলেকাজুৰি বিস্তৃত হৈ থকা অসমে ভাৰতৰ মুঠ ভূ-খণ্ডৰ প্রায় ২.৩৯ শতাংশ অধিকাৰ কৰি আছে। প্রাকৃতিক সম্পদৰে ভৰপূৰ অসম অতীজৰে পৰা পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ আহিছে ইয়াত থকা বিভিন্ন প্রাকৃতিক সম্ভাৰৰ বাবে। যাৰ বাবে বছৰি বহু হাজাৰ দেশী-বিদেশী পর্যটকে অসমৰ ৰূপ-সুধা পান কৰিবলৈ অহা দেখা যায়। অসমৰ মাজেৰে বৈ যােৱা ব্রহ্মপুত্রই হৈছে পৃথিৱীৰ একমাত্র নদী, যাৰ পাৰত গঢ় লৈ উঠিছে অসমীয়া জাতিৰ সাংস্কৃতিক ভেটি। সেয়েহে লুইতৰ পাৰৰ অসমীয়া বুলি কৈ প্রতিজন অসমীয়াই গর্ববােধ কৰা পৰিলক্ষিত হয়।

অসম নামৰ উৎপত্তি

   পুৰণি কালত ভাৰতৰ এই ভূ-খণ্ডৰ নাম আছিল কামৰূপ। আনহাতে ইয়াৰ ৰাজধানী আছিল প্রাগজ্যোতিষপুৰ। প্রায় ত্রয়ােদশ শতিকা মানৰ পৰা অসম নামটো প্রচলন হয়। অসম নামৰ উৎপত্তি সম্পর্কে বিভিন্ন পণ্ডিতে বিভিন্ন মত পােষণ কৰা পৰিলক্ষিত হয়। কিছু সংখ্যকৰ মতে প্রাকৃতিক সৌন্দর্যত অসমৰ সমতূল্য আৰু কোনাে ভূখণ্ড নাই বাবে এই ভূখণ্ডৰ নাম 'অ-সম হৈছে। আকৌ আন কিছু পণ্ডিতৰ মতে আহােম ৰজাসকলে এই দেশখন শাসন কৰিছিল বাবে 'আহােম' শব্দটোৰ পৰা 'অসম' নামৰ উৎপত্তি হৈছে। আন কিছু পণ্ডিতৰ মতে অসম শব্দটো মূল সংস্কৃত শব্দ অসমা'ৰ পৰা লােৱা হৈছে বাবে এই ভূখণ্ডৰ নাম 'অসম' হৈছে। সংস্কৃতত 'অ-সম' শব্দটোৰ অর্থ অদ্বিতীয়। আনহাতে 'আ-ছাম' শব্দটোৰ পৰাও এই ভূখণ্ডৰ নামৰ উৎপত্তি হােৱা বুলি ক'ব পৰা যায়। তাই আৰু প্রাচীন আহােম ভাষাত 'ছাম' শব্দৰ অর্থ হল 'পৰাজিত'। ইয়াৰ লগত আ' উপসর্গ যােগ কৰিলে অর্থ হয় অ-পৰাজিত অথবা বিজয়ী। আনহাতে পণ্ডিতপ্রবৰ ড° বাণীকান্ত কাকতিৰ মতে, আছাম শব্দৰ জন্ম হৈছে অপৰাজিত আৰু অদ্বিতীয় অর্থ বুজাবলৈ। পণ্ডিত বেদেন পাৱেলৰ মতে এই ভূখণ্ডৰ আদিম জনগােষ্ঠী ছাে-ছাম' শব্দৰ পৰা এই নামৰ উৎপত্তি হৈছে। উল্লেখ্য যে ছাে-ছামব অর্থ হল 'নিম্নভূমি বা 'সমভূমি। অসম নাম সম্পর্কীয় যিবােৰ ব্যাখ্যা শুনা যায় । তাৰ ভিতৰত ড বাণীকান্ত কাকতিৰ মতটোৱে গ্রহণযােগ্য বুলি বিভিন্ন মহলে মত ব্যক্ত কৰে।

ভৌগােলিক অৱস্থান

   ভাৰতৰ পূর্বোত্তৰৰ ৰাজ্য অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত। ভৌগােলিক অৱস্থান অনুসৰি ২৪° উত্তৰ অক্ষাংশৰ পৰা ২৮° উত্ত ৰ অক্ষাংশত আৰু ৯০° পূব দ্রাঘিমাৰ পৰা ৯৭° পূর্ব দ্রাঘিমালৈ বিস্তৃত।

অসমৰ চাৰিসীমা

অসমৰ চাৰিসীমা হল-

উত্তৰেঃ ভূটান আৰু অৰণাচল প্রদেশ।

দক্ষিণেঃ মিজোৰাম আৰু ত্রিপুৰা।

পূবেঃ অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মণিপুৰ।

পশ্চিমেঃ মেঘালয়, বাংলাদেশ আৰু পশ্চিমবংগ।

অসমৰ জলবায়ু

    ভাৰতৰ আন ৰাজ্যৰ তুলনাত যিহেতু অসমৰ ভৌগােলিক অৱস্থিতি সুকীয়া, সেয়েহে ইয়াৰ জলবায়ুও আন ধৰণৰ। পাহাৰ আৰু গছ-গছনিৰে আবৃত অসমত বৃষ্টিপাতৰ হাৰ অন্যান্য ৰাজ্যতকৈ কিছু বেছি। সেয়েহে অসমৰ জলবায়ু ঘাইকৈ কিছু গৰম আৰু সেমেকা মৌচুমীৰে প্রভাৱান্বিত। গ্রীষ্মৰ সময়ছােৱাত গড় তাপমান ৩০ ডিগ্রী চেলছিয়াছ আৰু জাৰকালি ১৬ ডিগ্রী চেলছিয়াছ হয়। অক্টোবৰৰ পৰা ফেব্রুৱাৰীলৈকে জাৰকালি হৈ থকা অসমত বাকী সময়ছােৱা ভাল বৰষুণ হােৱা দেখা যায়। আনহাতে মৌচুমীৰ সময়ছােৱাত অসমত বাস কৰিবলৈ অতি উপযােগী বুলি বিবেচিত হৈ আহিছে।

অসমৰ প্রাকৃতিক বিভাগ

  অসমৰ প্রাকৃতিক বিভাগ ঘাইকৈ তিনিটা-

(ক) পূবা-পশ্চিমাকৈ ব্রহ্মপুত্র উপত্যকা।

(খ) দক্ষিণত বৰাক উপত্যকা।

(গ) উল্লিখিত দুটা উপত্যকাৰ মাজত কার্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল।

অসমত বৃষ্টিপাত

    বিশ্বৰ সর্বাধিক বৃষ্টিপাত হােৱা ঠাইসমূহৰ ভিতৰত অসমৰ বৃষ্টিপাতৰ গড় অন্যতম বুলি বিবেচিত হৈ আহিছে। অসমত সাধাৰণতে গড় হিচাপত প্রায় ১৭৮ ৰ পৰা ৩০৫ ছেঃমিঃ বৰষুণ হােৱা লক্ষ্য কৰা যায়। ঘাইকৈ জুনৰ পৰা ছেপ্টেম্বৰলৈ অর্থাৎ এই চাৰি মাহ অসমত বৃষ্টিপাতৰ হাৰ সর্বাধিক হয়। চাৰিওফালে পাহাৰেৰে আবৃত আৰু গছ-গছনিৰে ভৰপূৰ ৰাজ্যখনৰ ভৌগােলিক অৱস্থিতি বিশেষে বিভিন্ন অঞ্চলত বৰষুণৰ হাৰ কম- বেছি হােৱা দেখা যায়। জিলাসমূহৰ ভিতৰত ব্ৰহ্মপুত্র উপত্যকাৰ তিনিচুকীয়া, ডিব্রগড়, শিৱসাগৰ, ধেমাজি, লখিমপুৰ, কোকৰাঝাৰ, বাগসা, ধুবুৰী আৰু বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত বছৰি গড় হিচাপত ২৫০ ছেঃমিঃ বৰযুণ হয়। আনহাতে নগাঁও, কার্বি আংলঙত বৃষ্টিপাতৰ হাৰ কম হােৱা দেখা যায়। তাৰ ভিতৰত লংকা- লামডিঙত সকলােতকৈ কম বৰষুণ (গড় হিচাপত প্রায় ১২৯ ছেঃমিঃ) হয়। 

অসমত ভূমিকম্প

   ভূকম্পনপ্রৱণ এলেকাৰ অন্তর্গত অসমত কেইবাটাও ভয়ংকৰ ভূমিকম্প সংঘটিত হৈছে। প্রকৃতিৰ এই কষ্ট ৰূপৰ সন্মুখীন হ'বলগীয়া কেইবাটাও ভূমিকম্পত অসমত হােৱা ক্ষয়-ক্ষতিৰ পৰিমাণ অবর্ণনীয়। আহােম যুগত, প্রায় ১৬৯৬ চনত ৰচিত তুংখুঙীয়া বুৰঞ্জীৰ মতে, ভাৰতৰ ভিতৰত তেতিয়াৰ উত্তৰ-পূব আৰু বর্তমান অসমত কেইবাটাও ভূমিকম্প সংঘটিত হৈছিল। তুংখুঙীয়া বুৰঞ্জীৰ মতে, ১৮৬৯ চনত উত্তৰ কাছাৰ পাহাৰত এটা ভূমিকম্প সংঘটিত হৈছিল। উত্তৰ কাছাৰ আৰু অসম উপত্যকাক জোকাৰি যােৱা এই ভূমিকম্পৰ ফলত বৰাকৰ পাৰ প্রায় পােন্ধৰ ফুট তললৈ বহি গৈছিল। আনহাতে ১৮৯৭ চনৰ ১২ জুনত আন এটা ভূমিকম্প সংঘটিত হৈছিল। জানিব পৰা মতে, সেই ভূমিকম্পটোৰ প্রাবল্য আছিল ৰিখটাৰ স্কেলত ৮.৭ মিটাৰ। এই ভূমিকম্পটোৰ ফলত বহু ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট ধ্বংস হােৱাৰ উপৰি শিলৰ টুকুৰা উফৰি পৰা পৰিলক্ষিত হৈছিল। ইয়াৰ ফলত কিছু অঞ্চল ঠাই বিশেষে ভূ-পৃষ্ঠৰ ওপৰলৈ উঠি আহিছিল আৰু আন কিছু ঠাইত ভূ-পৃষ্ঠৰ ভিতৰলৈ সােমাই গৈছিল। ইয়াৰ নদীৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল আৰু বহু নদীয়ে নিজৰ গতিপথ সলনি কৰিছিল। জানিব পৰা মতে এই ভূমিকম্পটোৰ ফলতে চান্দডুবি বিলৰ সৃষ্টি হৈছিল।

     ১৯২৩ চনৰ ৯ জুনত অসমত আন এটা ডাঙৰ ভূমিকম্প সংঘটিত হৈছিল। এই ভূমিকম্পটোৰ ফলত অসমৰ উত্তৰ অংশত বিস্তৰ ক্ষয়-ক্ষতি হােৱা বুলি জানিব পৰা যায়। শেহতীয়াভাৱে যিটো বৃহৎ ভূমিকম্পই অসমক জোকাৰি গৈছিল, সেইটো সংঘটিত হৈছিল ১৯৫০ চনৰ ১৫ আগষ্টত। ৰিখ্টাৰ স্কেলত প্রায় ৮.৬ মিটাৰ প্রাবল্যৰ এই ভূমিকম্পটোৱে সমগ্র উজনি অসম কঁপাই তুলিছিল বুলি জানিব পৰা যায়। সন্ধিয়া প্রায় ৭.৪০ মিনিটত অনুভূত হােৱা এই ভূমিকম্পটোৰ জোকাৰণি গােটেই নিশা অব্যাহত থাকে। ইয়াৰ ফলত উজনি অসমৰ বহু ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হয়। এই বৃহৎ ভূমিকম্পটোৰ ফলতে ব্রহ্মপুত্র, সােৱণশিৰি, বুঢ়ীদিহিং, জীয়াভৰলী আদি নৈ-উপনৈৰ জলপৃষ্ঠ আৰু গতিপথত বৃহৎ কিছু পৰিৱর্তন হােৱা লক্ষ্য কৰা যায়। ইয়াৰ ফলতে অসমত বানপানীৰ প্রকোপ বৃদ্ধি পােৱা বুলি বিভিন্ন বিশেষজ্ঞসকলে মন্তব্য কৰে। উল্লেখ্যযোগ্য যে ১৯৫০ চনত সংঘটিত এই ভূমিকম্পটোৰ ফলতে ব্রহ্মপুত্রৰ জলপৃষ্ঠ বিভিন্ন ঠাইত বৃদ্ধি হােৱা পৰিলক্ষিত হয় আৰু বানৰ প্রকোপ স্বাভাৱিকভাবে বৃদ্ধি হয়। এই বৃহৎ ভূমিকম্পটোৰ ফলতে অসমৰ বিভিন্ন হ্রদ, বিল আদিতাে কিছু পৰিৱর্তন হােৱা লক্ষ্য কৰা যায়। এই বিধ্বংসী ভূমিকম্পটোৰ পাছত অসমত তেনে ডাঙৰ ভূমিকম্প এতিয়ালৈকে হােৱা নাই যদিও ১৯৭০ চনৰ ২৯ জুলাইত ১৯৮৮ চনৰ আগষ্ট মাহত আক ২০১১ চনৰ ছেপ্টেম্বৰ মাহত মধ্যম প্রাবল্যৰ ভূমিকম্প অসমত অনুভূত হয়। উল্লেখ্যযোগ্য যে শেহতীয়া ২০ বছৰ ভূমিকম্পৰ আতংক ভাৰতৰ অন্যান্য ঠাইৰ লগতে অসমতাে আগতকৈ কিছু পৰিমাণে বৃদ্ধি পােৱা পৰিলক্ষিত হৈছে।

অসমৰ নদ-নদী

    অসমৰ দুখন প্রধান নদী হৈছে ব্ৰহ্মপুত্র আৰু বৰাক। অৱশ্যে ব্রহ্মপুত্র প্রকৃততে এখন নদহে। এই দুয়ােখন নদীয়ে অসমৰ মাজেৰে বৈ সাগৰত মিলিত হৈছে। জনশ্রুতি মতে, হিমালয়ৰ পূব প্রান্তত অৱস্থিত মানস সৰােবৰ হ্রদৰ পৰা ব্রহ্মপুত্রৰ উৎপত্তি হৈছে। উৎপত্তিস্থলৰ পৰা সাগৰত মিলিত হােৱা ব্রহ্মপুত্র মুঠ দৈর্ঘ্য প্রায় ২,৮৮০ কিলােমিটাৰ হব বুলি ঠাবৰ কৰা হৈছে। পৃথিৱীৰ যিসমূহ বিখ্যাত নদীয়ে ঠাই একোখনক এক বিশেষ মর্যাদা প্রদান কৰিছে, সেই নদীসমূহৰ মাজত ব্রহ্মপুত্রৰ স্থান সুকীয়া। এই ব্রহ্মপুত্রৰ পাৰতে গঢ় লৈ উঠিছে লুইতপৰীয়া সভ্যতা। ব্রহ্মপুত্র আৰু ইয়াৰ নৈ-উপনৈসমূহে অসমৰ ইমুৰৰ পৰা সিমূৰলৈ নিৰৱছিন্ন গতিত আগবাঢ়ি এই ভূখণ্ডক সমৃদ্ধ কৰিছে। উল্লেখ্য যে ব্রহ্মপুত্রৰ বুকুতে আছে পৃথিৱীৰ সর্ববৃহৎ নদীদ্বীপ মাজুলী আৰু পৃথিৱীৰ ক্ষুদ্রতম নদীদ্বীপ উমানন্দ। যােৰহাট জিলাৰ অন্তর্গত মাজুলী যেনেকৈ বিভিন্ন পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু হিচাপে পৰিচিত ঠিক তেনেদৰে গুৱাহাটীৰ মাজেৰে বৈ যােৱা ব্রহ্মপুত্রৰ বুকুত অৱস্থিত উমানন্দও বিভিন্ন পর্যটকৰ আকর্ষণৰ ঠাই। কিন্তু পৰিতাপৰ কথা এয়ে যে বছৰি হােৱা বান আৰু গৰাখহনীয়াৰ ফলত বিশ্বৰ এই আশ্চর্য বর্তমান সংকুচিত হৈ অহা পৰিলক্ষিত হৈছে। সেয়েহে এইক্ষেত্রত উপযুক্ত ব্যৱস্থা গ্রহণ কৰাটো আদৰণীয় হব। 

      কাছাৰ জিলাৰ মাজেৰে বৈ যােৱা অসমৰ আন এখন গুৰুত্বপূর্ণ নদী হৈছে বৰাক। নগা পাহাৰৰ পৰা বৈ অহা বুলি জনশ্রুতি থকা বৰাক নৈখনে বদৰপুৰৰ মাজেৰে বাংলাদেশ সীমান্তত প্রৱেশ কৰি ব্রহ্মপুত্রৰ সৈতে মিলিত হৈছে। এই নদীখনৰ দৈর্ঘ্য প্রায় ৯০০ কিলােমিটাৰ বুলি জানিব পাৰি। পূর্বতে বৰাক নদীখন জল পৰিবহণৰ অন্যতম সমল আছিল অৱশ্যে এতিয়াও এই নদীখনৰ জৰিয়তে বিভিন্ন ধৰণৰ ব্যৱসায়-বাণিজ্য চলি আছে। এই নদীখনক কেন্দ্র কৰিয়ে গঢ় লৈ উঠিছে বৰাক উপত্যকা।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.