Preparation Assam
Preparation Assam Subscribe Our Youtube Channel
Subscribe
Type Here to Get Search Results !

Current affairs

 🌍আজিৰ দিনটোৰ কেইটামান সাম্প্ৰতিক পৰিক্ৰমাৰ প্ৰশ্নোত্তৰ🌍

🌐 21 April, Current Affairs 2022 🌐


👉 ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰীৰ জন্ম জয়ন্তী কেতিয়া উদযাপন কৰা হয়?

উত্তৰ : ১৪ এপ্ৰিল ।


👉 শেহতীয়াকৈ গুজৰাটত অনুষ্ঠিত মাধৱপুৰ মেলা কোন জন দেৱতাৰ বিবাহ উদযাপনত আয়োজিত কৰা হয়?

উত্তৰ : Shri Krishna (শ্ৰী কৃষ্ণ) ।


👉 প্ৰতি বছৰে ১৩ এপ্ৰিলত পালন কৰা চিয়াচেন দিৱসত (Siachen Day) কোনটো অপাৰেচন চিহ্নিত কৰা হয়?

উত্তৰ : অপাৰেচন মেঘদুট (Operation Meghdoot) ।


👉 শেহতীয়াকৈ ভাৰতে কোন খন দেশলৈ খাদ্য সামগ্ৰীৰ ৰপ্তানি পুনৰ আৰম্ভ কৰিছে?

উত্তৰ : Russia (ৰাছিয়া) ।


👉 কাৰ প্ৰতিবেদন অনুসৰি, ২০১১-২০১৯ বৰ্ষত ভাৰতত চৰম দৰিদ্ৰতা ১২.৩% পইণ্ট হ্ৰাস পাইছে?

উত্তৰ : World Bank (বিশ্ব বেংক) ।


👉 IMF আৰু World Bank ৰ বসন্ত বৈঠকত অংশগ্ৰহণ কৰিবলৈ কোন কেন্দ্ৰীয় মন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিব?

উত্তৰ : নিৰ্মলা সীতাৰমণ (Nirmala Sitaraman) ।


👉 কোন খন দেশে G7 ৰাষ্ট্ৰসমূহক ৫০ বিলিয়ন আমেৰিকান ডলাৰৰ বিত্তীয় সমৰ্থন বিচাৰিছে?

উত্তৰ : Ukraine (ইউক্ৰেইন) ।


👉 কিংবদন্তী সংগীতজ্ঞ প্ৰফুল্ল কাৰৰ ৮৩ বছৰ বয়সত মৃত্যু হয় । তেওঁ কোন খন ৰাজ্যৰ আছিলে?

উত্তৰ : Odisha (উৰিষ্যা) ।


👉 শেহতীয়াকৈ কোনখন দেশে ইয়াৰ বন্দৰৰ পৰা ৰাছিয়াৰ জাহাজ নিষিদ্ধ কৰিছে?

উত্তৰ : Italy (ইটালী) ।


👉 কোন খন দেশে নতুন "Tactical Guided Weapon"ৰ পৰীক্ষা কৰিছে?

উত্তৰ : North Korea (উত্তৰ কোৰিয়া) ।


👉 কৰ্ণাটকৰ মগজুস্বাস্থ্য উদ্যোগৰ ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ : Robin Uthappa (ৰবিন উথাপ্পা) ।


👉 "দ্য বয় হু ৰাইট এ কনষ্টিটিউচন: এ প্লে ফৰ চিল্ড্ৰেন অন হিউমেন ৰাইটছ" শীৰ্ষক নতুন কিতাপখনৰ লেখক কোন?

উত্তৰ : Rajesh Talwar (ৰাজেশ তলৱাৰ) ।


👉 দ্বাদশ ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপৰ চেম্পিয়ন হিচাপে কোনটো দল আত্মপ্ৰকাশ কৰিছে?

উত্তৰ : Haryana (হাৰিয়ানা) ।


👉পৰৱৰ্তী সেনা প্ৰধান (Chief of Army Staff) হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ : Manoj Pande (মনোজ পাণ্ডে) ।


👉 কোনটো শীৰ্ষ সংস্থাই বিমল কোঠাৰীক ইয়াৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে?

উত্তৰ : India Pulses and Grains Association (ইণ্ডিয়া পালচ এণ্ড গ্ৰেইনচ এছ'চিয়েচন)।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.