🌍আজিৰ দিনটোৰ কেইটামান সাম্প্ৰতিক পৰিক্ৰমাৰ প্ৰশ্নোত্তৰ🌍
👇🏻 13 April, Current Affairs 2022 👇🏻
👉🏻 ভাৰতৰ কোনখন ৰাজ্যত, গঙ্গাউৰ উৎসৱ মুখ্যতঃ উদযাপন কৰা হয়?
উত্তৰ : ৰাজস্থান ।
👉🏻 'স্কুল চলো অভিযান' উদ্যোগটো কোন খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে সম্পৰ্কিত?
উত্তৰ : উত্তৰ প্ৰদেশ ।
👉🏻 অৰ্ধপৰিবাহী মিছনক পথ প্ৰদৰ্শন কৰা পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছিল?
উত্তৰ : অশ্বিনী বৈষ্ণৱ (Ashwini Vaishnav) ।
👉🏻 ভাৰতৰ কোন মন্ত্ৰালয়ে সম্প্ৰচাৰ সেৱা পৰ্টেল মুকলি কৰিছে?
উত্তৰ : তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় (Ministry of Information and Broadcasting) ।
👉🏻 শেহতীয়াকৈ ভাৰত আৰু কোন খন দেশে উপগ্ৰহ তথ্য ভাগ বতৰা কৰাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰিছে?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ (USA) ।
👉🏻 শেহতীয়াকৈ চৰকাৰে কাৰ্যকৰী প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে কোনটো পদক্ষেপ আৰম্ভ কৰিছে?
উত্তৰ : প্ৰকৃতি (Prakriti) ।
👉🏻 শেহতীয়াকৈ কোনখন দেশে ব্যয়বহুল বস্তুৰ আমদানি নিষিদ্ধ কৰিছে?
উত্তৰ : নেপাল ।
👉🏻 কোনখন ৰাজ্য চৰকাৰে সৌৰ প্ৰযুক্তি ব্যৱহাৰ কৰি দূৰৱৰ্তী স্বাস্থ্য কেন্দ্ৰবোৰক শক্তি প্ৰদান কৰিব?
উত্তৰ : মেঘালয় ।
👉🏻 শেহতীয়া এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ জামাত-উল-মুজাহিদীন বাংলাদেশ (JMB) য়ে কোন খন ৰাজ্যৰ পৰা ব্যক্তি নিয়োগ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু বিফল হৈছিল?
উত্তৰ : মধ্য প্ৰদেশ ।
👉🏻 শেহতীয়াকৈ পাকিস্তানৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি?
উত্তৰ : শ্বেহবাজ শ্বৰীফ (Shehbaz Sharif) ।
👉🏻 শেহতীয়াকৈ কোন খন দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে প্ৰায় এখন Virtually বৈঠক অনুষ্ঠিত কৰিছে?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ (USA) ।
👉🏻 কোন দিনা আন্তৰ্জাতিক পথশিশু দিৱস পালন কৰা হয়?
উত্তৰ : ১২ এপ্ৰিল ।
👉🏻 ২০২২ চনৰ থাইলেণ্ড অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত ভাৰতে কিমানটা পদক জিকিছে?
উত্তৰ : ১০ টা ।
👉🏻 গ্লাচগ্লোত অনুষ্ঠিত ২০২২ চনৰ WSF ৱৰ্ল্ড ডাবলছ স্কোয়াছ চেম্পিয়নশ্বিপৰ মিশ্ৰিত দ্বৈত প্ৰতিযোগিতাত সোণৰ পদক জয় কৰা ভাৰতীয় যুটিটোৰ নাম কি
উত্তৰ : দীপিকা পাল্লিকাল কাৰ্তিক আৰু সৌৰভ ঘোচাল (Dipika Pallikal Karthik and Saurav Ghosal) ।
👉🏻 ২০২২ চনৰ বিশ্ব হোমিঅ'পেথি দিৱসৰ বিষয়বস্তু কি?
উত্তৰ : People’s Choice for Wellness
👉🏻 কোন খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ১০৬৪ দুৰ্নীতি বিৰোধী মোবাইল এপ নামৰ এটা দুৰ্নীতি বিৰোধী মোবাইল এপ মুকলি কৰিছে?
উত্তৰ : উত্তৰাখণ্ড ।
👉🏻 কোন খন ৰাজ্যৰ কাংৰা চাহে শীঘ্ৰেই ইউৰোপীয় আয়োগৰ ভৌগোলিক ইণ্ডিকেচন টেগ (GI Tag) লাভ কৰিব?
উত্তৰ : হিমাচল প্ৰদেশ ।
👉🏻 শেহতীয়াকৈ কাক ২০২২ চনৰ এপ্ৰিলত UPSC ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ : মনোজ চোনি (Manoj Soni) ।
👉🏻 শেহতীয়াকৈ কোনটো কামৰ বাবে প্ৰবীণ বঙালী লেখক অমৰ মিত্ৰই অ'হেনৰী বঁটা ২০২২ লাভ কৰিছে?
উত্তৰ : গাওঁবুৰো (Gaonburo) ।
👉🏻 ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ (NTCA) ২০ তম বৈঠক পাক্কে বাঘ সংৰক্ষিত অঞ্চলত অনুষ্ঠিত হৈছিল । পাক্কে ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল ভাৰতীৰ কোনখন ৰাজ্যত আছে?
উত্তৰ : অৰুণাচল প্ৰদেশ ।
👉🏻 কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীয়ে নতুন দিল্লীত বৈজ্ঞানিক সন্মিলন 'হোমিঅ'পেথি: পিপলচ চইচ ফৰ ৱেলনেছ' উদ্বোধন কৰে । আয়ুষৰ কেন্দ্ৰীয় মন্ত্ৰী কোন?
উত্তৰ : সৰ্বানন্দ সোণোৱাল ।
👉🏻 ফৰ্মুলা ৱান (F1) ২০২২ অষ্ট্ৰেলিয়ান গ্ৰেণ্ড প্ৰিক্স কোনে জিকিছে?
উত্তৰ : চাৰ্লচ লেক্লাৰ্ক (Charles Leclerc) ।

Post a Comment
0 Comments