Preparation Assam
Preparation Assam Subscribe Our Youtube Channel
Subscribe
Type Here to Get Search Results !

Current affairs

 🌍আজিৰ দিনটোৰ কেইটামান সাম্প্ৰতিক পৰিক্ৰমাৰ প্ৰশ্নোত্তৰ🌍

👇🏻 5 April , Current Affairs 2022 👇🏻


👉🏻 শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে ২০২২-২০২৭ সময়ৰ বাবে নৱীকৰণযোগ্য শক্তি নীতি অনুমোদিত কৰিছে?

উত্তৰ : কৰ্ণাটক চৰকাৰ ।


👉🏻 শেহতীয়াকৈ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ২০২১-ৰ লোগো, মাস্কট জাৰ্চি আৰু সংগীত মুকলি কৰা কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীৰ নাম কি?

উত্তৰ : অনুৰাগ ঠাকুৰ ।


👉🏻 শেহতীয়াকৈ ভাৰতীয় ভূতাত্ত্বিক জৰীপ (GSI)ৰ নতুন সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ : ডাঃ এছ ৰাজু (Dr S Raju) ।


👉🏻 কোনখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহেশ বাৰ্মাক “NABH”ৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ : ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয় (Indraprastha University) ।


👉🏻 শেহতীয়াকৈ কোনটো বেংকে চিটি বেংকৰ ভাৰতীয় উপভোক্তা ব্যৱসায় অধিগ্ৰহণৰ কথা ঘোষণা কৰিছে যাৰ পৰিমাণ হৈছে ১.৬ বিলিয়ন আমেৰিকান ডলাৰ?

উত্তৰ : এক্সিছ বেংক (Axis Bank) ।


👉🏻 ২০২১-২২ বিত্তীয় বৰ্ষত উৎপাদনত এক নিযুত টনৰ পাৰ্থক্যৰ সৈতে পাচলি উৎপাদকৰ ক্ষেত্ৰত ভাৰতৰ কোনখন ৰাজ্য প্ৰথম স্থানত আছে?

উত্তৰ : উত্তৰ প্ৰদেশ ।


👉🏻 শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে "বিনয় সমৰ্চ্য উদ্যোগ" আৰম্ভ কৰিছে, যি হৈছে গাওঁ পঞ্চায়তবোৰত জাতিগত পক্ষপাতিত্বৰ বিৰুদ্ধে এক জনসজাগতা অভিযান?

উত্তৰ : কৰ্ণাটক চৰকাৰ ।


👉🏻 শেহতীয়াকৈ ভাৰত আৰু ফৰাচী নৌসেনাৰ মাজত "বৰুণা" নামৰ দ্বিপাক্ষিক নৌ-অনুশীলনৰ কোনটো সংস্কৰণ অনুষ্ঠিত কৰা হৈছে?

উত্তৰ : ২০ তম সংস্কৰণ ।


👉🏻 শেহতীয়াকৈ ষ্টেট অফ ৱৰ্ল্ড পপুলেচন (SoWP) প্ৰতিবেদন কোনে প্ৰকাশ কৰিছে?

উত্তৰ : ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি (United Nations Population Fund) ।


👉🏻 কোনটো দিনক প্ৰতি বছৰে বিশ্ব অটিজম সজাগতা দিৱস হিচাপে চিহ্নিত কৰা হয়?

উত্তৰ : ২ এপ্ৰিল ।


👉🏻 ২০২২ চনৰ বিশ্ব অটিজম সজাগতা দিৱসৰ বিষয়বস্তু কি?

উত্তৰ : Inclusive Quality Education for All.


👉🏻 কোন খন ৰাজ্যই খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০২১-ৰ দ্বিতীয় সংস্কৰণ আয়োজন কৰিব?

উত্তৰ : কৰ্ণাটক ।


👉🏻 আন্তৰ্জাতিক শিশু গ্ৰন্থ দিৱস ২০২২-ৰ পৃষ্ঠপোষক হিচাপে কোনখন দেশক বাছনি কৰা হৈছে?

উত্তৰ : কানাডা ।


👉🏻 চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি পৰিষদৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ : মহেশ বাৰ্মা ।


👉🏻 ২০২১-২২ বৰ্ষত কোনখন ৰাজ্য ভাৰতত ফলৰ শীৰ্ষ উৎপাদক হৈছে?

উত্তৰ : অন্ধ্ৰ প্ৰদেশ ।


👉🏻 শেহতীয়াকৈ কোনখন দেশৰ নেচনেল এচেম্বলী ভংগ হৈছে?

উত্তৰ : পাকিস্তান ।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.