🌍আজিৰ দিনটোৰ কেইটামান সাম্প্ৰতিক পৰিক্ৰমাৰ প্ৰশ্নোত্তৰ🌍
🔴 28 April, Current Affairs 2022 🔴
👉 শেহতীয়াকৈ কোনে ৱাৰেন বাফেক পিছ পেলাই বিশ্বৰ পঞ্চম ধনী ব্যক্তি হৈছে?
উত্তৰ : গৌতম আদান ।
👉 শেহতীয়াকৈ এলন মাস্কে কিমান বিলিয়ন আমেৰিকান ডলাৰত টুইটাৰ অধিগ্ৰহণ কৰিছে?
উত্তৰ : $44 Billion USD
👉 কোন কেন্দ্ৰীয় মন্ত্ৰীয়ে ৪ দিনীয়া নৌ সেনা পন্থী সন্মিলনত ভাষণ দিছে?
উত্তৰ : ৰাজনাথ সিং আৰু এছ জয়শংকৰ ।
👉 শেহতীয়াকৈ কৰাচীত এটা আত্মঘাতি বোমা বিস্ফোৰণত কিমানজন চীনা নাগৰিকৰ মৃত্যু হৈছে?
উত্তৰ : ৩ জন ।
👉 কোন কেন্দ্ৰীয় মন্ত্ৰীয়ে "কিচন ভাগীদাৰী প্ৰথামিক্ত হামাৰী" (Kissan Bhagidari Prathamikta Hamari) মুকলি কৰিছে?
উত্তৰ : নৰেন্দ্ৰ সিং তোমাৰ ।
👉 কোনেএছিয়ান ৰেছলিং চেম্পিয়নশ্বিপত ৰূপৰ পদক জিকিছে?
উত্তৰ : দীপক পুনিয়া ।
👉 কোন তাৰিখে বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস (World Intellectual Property Day) পালন কৰা হয়?
উত্তৰ : ২৬ এপ্ৰিল ।
👉 শেহতীয়াকৈ ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছে কোন খন চহৰত 'কিৰ্পন শক্তি' (Kirpan Shakti) আয়োজন কৰিছিল?
উত্তৰ : শিলিগুৰি ।
👉 ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত ডেনিছ অপেন চুইমিং মিটত কোন ভাৰতীয় সাঁতোৰবিদে Butterfly শ্ৰেণীত সোণৰ পদক জিকিছিল?
উত্তৰ : সজন প্ৰকাশ ।
👉 শেহতীয়াকৈ, ভাৰতৰ কোন খন ৰাজ্যত Portable Solar Rooftop System উন্মোচন কৰা হৈছে?
উত্তৰ : গুজৰাট ।
👉 এই বছৰ ICG’s ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদূষণ সঁহাৰি অনুশীলন 'নেটপোলৰেক্স-অষ্টম'ৰ (NATPOLREX-VIII) কোনটো সংস্কৰণ আয়োজন কৰা হৈছিল?
উত্তৰ : অষ্টম সংস্কৰণ ।
👉 কোন কেন্দ্ৰীয় মন্ত্ৰালয়ে 'ৰাষ্ট্ৰীয় ধাতুবিদ বঁটা ২০২১' (National Metallurgist Award 2021) কাৰ্যসূচী আয়োজন কৰিছিল?
উত্তৰ : Ministry of Steel
👉 কোন খন ৰাজ্যৰ স্বাস্থ্য আৰু চিকিৎসা শিক্ষা মন্ত্ৰী কে. সুধাকৰে শেহতীয়াকৈ 'নিউমোনিয়া সফলভাৱে নিষ্ক্ৰিয় কৰিবলৈ সামাজিক সজাগতা আৰু পদক্ষেপ' (SAANS) অভিযান আৰম্ভ কৰিছে?
উত্তৰ : কৰ্ণাটক ।
👉 কোনটো সংগঠনে এখন খচৰা বেটাৰী অদল-বদল নীতি (A draft battery swapping policy) মুকলি কৰিছে?
উত্তৰ : নীতি আয়োগ ।
👉 প্ৰসাৰ ভাৰতীয়ে সম্প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে কোন দেশৰ ৰাজহুৱা সম্প্ৰচাৰক 'RTA'ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে?
উত্তৰ : আৰ্জেণ্টিনা ।
👉 ইউনেস্কোৰ দ্বাৰা ২০২২ বৰ্ষৰ বাবে কোন খন দেশৰ গুয়াদালাজাৰা চহৰক ৱৰ্ল্ড বুক কেপিটেল হিচাপে নামাকৰণ কৰা হৈছিল?
উত্তৰ : মেক্সিকো ।
👉 কোনখন দেশৰ ৰাষ্ট্ৰপতিয়ে শেহতীয়াকৈ জন এফ কেনেডি প্ৰ'ফাইল ইন কাৰেজ এৱাৰ্ড ২০২২ (John F. Kennedy Profile in Courage Award 2022) লাভ কৰিছে?
উত্তৰ : ইউক্ৰেইন ।
👉 উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে প্ৰকাশ কৰা "মঙ্গলাজোড়ীৰ যাদু" শীৰ্ষক কফি টেবুল কিতাপখনৰ লেখক কোন?
উত্তৰ : অবিনাশ খেমকা ।
👉 ইটালীত ফৰ্মুলা ৱান এমিলিয়া ৰোমাগনা গ্ৰেণ্ড প্ৰিক্স ২০২২ জয় কৰা এফ ১ ৰেচ ড্ৰাইভাৰ জনৰ নাম কি?
উত্তৰ : মেক্স ভাৰ্ষ্টাপেন ।
👉 পেৰিছ গ্ৰন্থ মহোৎসৱ ২০২২-ত কোনখন দেশক সন্মানীয় দেশৰ অতিথি হিচাপে মনোনীত কৰা হৈছে?
উত্তৰ : ভাৰত ।
👉 শেহতীয়াকৈ মৃত্যু হোৱা মৱাই কিবাকী (Mwai Kibaki) কোনখন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিল?
উত্তৰ : কেনিয়া ।

Post a Comment
0 Comments